STOP-Bang: স্লিপ এপনিয়াৰ ঝুঁকি
আঠোটা হয়/নহয় প্ৰশ্নৰে আন্দাজ কৰিব পাৰি, অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়া থকাৰ সম্ভাৱনা কিমান — টোপনিত বাৰে বাৰে উশাহ বন্ধ হৈ যোৱা অসুখ। সকলো হিচাপ আপোনাৰ ডিভাইচতে হয়; আপুনি দিয়া উত্তৰ ক'লৈকো নাযায়, ক'তো ৰখাও নহয়।
আঠোটা প্ৰশ্নৰে উত্তৰ দিয়ক।
8 টাৰ ভিতৰত 0 টাৰ উত্তৰ দিয়া হৈছে
গাড়ী চলাওঁতে টোপনি আহে নেকি? ডাক্তৰক নেদেখুৱালৈকে গাড়ী নচলাব।
স্ক'ৰ কেনেকৈ বুজিব
| স্ক'ৰ | মজলীয়াৰ পৰা গুৰুতৰ স্লিপ এপনিয়াৰ ঝুঁকি |
|---|---|
| 0 – 2 | কম |
| 3 – 4 | মধ্যৱৰ্তী; উচ্চ, যদি S, T, O, P ৰ 2 টা বা তাতকৈ বেছিৰ উত্তৰ "হয়" আৰু আপুনি পুৰুষ, বা BMI 35 তকৈ বেছি, বা ডিঙি ডাঠ |
| 5 – 8 | উচ্চ |
স্ক'ৰ যিমান বেছি, স্লিপ এপনিয়াৰ সম্ভাৱনা সিমানেই বেছি। টোপনিৰ ক্লিনিকলৈ পঠোৱা মানুহৰ মাজত, 3 বা তাতকৈ বেছি স্ক'ৰে মজলীয়াৰ পৰা গুৰুতৰ স্লিপ এপনিয়া থকা প্ৰায় 94% মানুহক ধৰিব পাৰিছিল। কিন্তু প্ৰশ্নাৱলীয়ে ৰোগ নিৰ্ণয় কৰিব নোৱাৰে: সেয়া কেৱল টোপনিৰ পৰীক্ষাইহে পাৰে।
এইটো কিয় দৰকাৰী
চিকিৎসা নকৰা স্লিপ এপনিয়াৰ লগত উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, আৰু দিনত টোপনি ধৰাৰ বাবে হোৱা পথ দুৰ্ঘটনাৰ সম্পৰ্ক আছে। অতিৰিক্ত ওজন — বিশেষকৈ ডিঙি আৰু কঁকালৰ চাৰিওফালে — ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণবোৰৰ এটা, আৰু ওজন কমালে প্ৰায়ে ইয়াৰ উন্নতি হয়। অপাৰেচনৰ আগতেও এইটো জনা দৰকাৰী: স্ক'ৰ বেছি হ'লে এনেস্থেটিষ্টক (অজ্ঞান কৰা ডাক্তৰক) জনাব।
সচৰাচৰ সোধা প্ৰশ্ন
STOP-Bang স্ক'ৰে কি কয়?
প্ৰতিটো "হয়"ৰ বাবে 1 নম্বৰ, মুঠ 8 ৰ ভিতৰত। স্ক'ৰ 0 ৰ পৰা 2 হ'লে মজলীয়াৰ পৰা গুৰুতৰ অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ঝুঁকি কম, 3 ৰ পৰা 4 হ'লে মধ্যৱৰ্তী ঝুঁকি, আৰু 5 ৰ পৰা 8 হ'লে উচ্চ ঝুঁকি। 3 বা 4 স্ক'ৰকো উচ্চ ঝুঁকি বুলি ধৰা হয়, যদি প্ৰথম চাৰিটা উত্তৰৰ (নাক বজোৱা, ভাগৰ, কোনোবাই দেখা, প্ৰেছাৰ) অন্ততঃ দুটা "হয়" হয়, আৰু লগতে আপুনি পুৰুষ, বা আপোনাৰ BMI 35 তকৈ বেছি, বা ডিঙি ডাঠ।
STOP-Bang এ স্লিপ এপনিয়া আছে বুলি নিশ্চিত কৰিব পাৰেনে?
নোৱাৰে। এইটো স্ক্ৰীনিঙৰ প্ৰশ্নাৱলীহে: স্লিপ এপনিয়াৰ সম্ভাৱনা কিমান, সেয়া কয়। কেৱল টোপনিৰ পৰীক্ষাইহে (পলিছমন'গ্ৰাফী বা ঘৰতে কৰা টোপনিৰ পৰীক্ষা) নিশ্চিত কৰিব বা নাই বুলি ক'ব পাৰে।
স্ক'ৰ কম হ'লেই মোৰ স্লিপ এপনিয়া নাই বুলি নিশ্চিত হ'ব পাৰোঁনে?
নহয়। স্ক'ৰ কম হ'লে মজলীয়াৰ পৰা গুৰুতৰ স্লিপ এপনিয়াৰ সম্ভাৱনা কমে, কিন্তু একেবাৰে নোহোৱা নহয়। BMI আৰু ডিঙিৰ কাট-অফ কানাডাৰ ৰোগীৰ ওপৰত ঠিক কৰা হৈছিল, আৰু স্লিপ এপনিয়া থকা বহু ভাৰতীয়ৰ BMI 35 তকৈ কম। জোৰেৰে নাক বজালে, টোপনিত উশাহ বন্ধ হ'লে বা দিনত টোপনি টোপনি লাগিলে, স্ক'ৰ যিয়েই নহওক, ডাক্তৰক দেখুৱাওক।
উৎস4
- Chung F, et al. STOP questionnaire: a tool to screen patients for obstructive sleep apnea. Anesthesiology 2008;108:812-21.
- Chung F, et al. High STOP-Bang score indicates a high probability of obstructive sleep apnoea. Br J Anaesth 2012;108:768-75.
- Chung F, Abdullah HR, Liao P. STOP-Bang questionnaire: a practical approach to screen for obstructive sleep apnea. Chest 2016;149:631-8.
- Nagappa M, et al. Validation of the STOP-Bang questionnaire as a screening tool for obstructive sleep apnea among different populations: a systematic review and meta-analysis. PLoS One 2015;10:e0143697.